৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

Date:

 ‘লৌহিত্য মহাসংগম’ এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা

জিতুল দত্ত : ১৯৯৯ চনতে ডিব্ৰু ছৈখোৱাৰ ৩৪০ বৰ্গ কিলোমিটাৰ এলেকাক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰা হয়। স্বীকৃতি প্ৰদানতে দায়িত্ব সামৰা চৰকাৰ তথা সংশ্লিষ্ট বিভাগসমূহে ৰাষ্ট্ৰীয় উদ্যান খনৰ পুনৰ জৰীপৰ আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।যাৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচ’ৰাত বৃদ্ধি পাবলৈ ধৰিছে বেদখলৰ প্ৰকোপ। উল্লেখযোগ্য যে ২০০৫ চনত ডিব্ৰু ছৈখোৱাত চলা সেনাৰ আলফা বিৰোধী অভিযানৰ ফলত উদ্যান খনলৈ দেশ বিদেশৰ পৰ্যটকৰ আগমণ যিদৰে হ্ৰাস পাবলৈ ধৰিলে সেইদৰে অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ চৰম উদাসীনতাৰ বাবে ডিব্ৰু ছৈখোৱাত নাই পৰ্যটকৰ ভীৰ।আজি কোপতি ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নাম ফলক সহ এখন প্ৰবেশদ্বাৰ নোহোৱটো চৰকাৰৰ চৰম ব্যৰ্থতা বুলিয়ে প্ৰকৃতি প্ৰেমী লোক সকলে দাবী কৰিব বিচাৰে। আটাইতকৈ পৰিতাপৰ কথা ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগৰ দায়িত্ব কেৱল ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা,পবিতৰা অভয়াৰণ্যকে ধৰি মাত্ৰ কেইখনমান উদ্যানতে সীমাবদ্ধ হৈ থকাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে আন্ত: গাঁথনি উন্নয়নৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাটো চৰম পৰিতাপৰ কথা।তাৰ মাজতে স্থানীয় প্ৰকৃতিপ্ৰেমী কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত ডিব্ৰু ছৈখোৱালৈ আহিছে আশাৰ বতৰা। স্থানীয় প্ৰকৃতিপ্ৰেমী নিৰন্তৰ গোহাঁইয়ে অসমীয়া প্ৰতিদিনক জানিবলৈ দিয়ে যে অবিৰত প্ৰচেষ্টা আৰু বিভিন্ন দিশৰ গৱেষণাৰ আধাৰত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বিচাৰি পোৱা বিশ্বৰ সৰ্ব বৃহৎ নদী সংগম স্থলী। ত্ৰিবেণী সংগম যিদৰে বিশ্বৰ পৰ্যটন ক্ষেত্ৰৰ উল্লেখনীয় স্থান, সেইদৰে ডিব্ৰু ছৈখোৱাৰ বৃহৎ নদী সংগম স্থলীয়ে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ বতৰা আনিছে।নিৰন্ত গোহাঁইৰ দাবী অনুসৰি ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নামনি অংশত ৯ খন নদীৰ সংগম ঘটিছে,যিটো বিশ্বৰ ভিতৰতে এক বিৰল ঘটনা। তেওঁ ইতিমধ্যে এই নদী সংগম স্থলীক ২০০৭ চনতে ‘লৌহিত্য মহা সংগম’ হিচাপে নামাকৰণ কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যান খনৰ নামনি অংশত ডিব্ৰু,ডাঙৰী, লোহিত( ব্ৰহ্মপুত্ৰ), চিয়াং, দিবাং,ন-দিহিং, কুণ্ডিল,দটং আৰু চিপিয়া নদীৰ মহামিলন ঘটিছে।৯ খন নদীৰ মহামিলনৰ স্থানত এফালে যদি গৰম বতাহ আনফালে শীতল বতাহ পৰ্যটকে অনুভৱ কৰিব পাৰিব বুলিও প্ৰকৃতিপ্ৰেমী গৰাকীয়ে দাবী কৰে।বন ঘৰচীয়া ঘোঁৰা, দুষ্প্ৰাপ্য শিশু,ভিন্ন প্ৰজাতিৰ অৰ্কিড তথা বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ বাবে ডিব্ৰু ছৈখোৱা যিদৰে পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী;সেইদৰে প্ৰকৃতিৰ বিনন্দীয়া অৱদান এই লোহিত্য মহা সংগমে ত্ৰিবেণী সঙ্গমৰ দৰেই পৰ্যটক সকলক অনন্য মাত্ৰা প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগৰো যথেষ্ট কৰণীয় আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...

বাৰেকুৰি কিউ.পি.এছত অগ্নিকাণ্ড তাৎক্ষণিকভাৱে নিৰ্বাপন অইলৰ ‘দুলীয়াজান লাইভ E-Paper'ৰ দুলীয়াজান...