দুলীয়াজান ১ নৱেম্বৰ -অসম প্ৰকাশন পৰিষদে অসমৰ গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ৫ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলি চৌহদত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে।দুলীয়াজানৰ গ্ৰন্থপ্ৰেমী আৰু পাঠকৰ বাবে প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ব প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজন কৰা এই গ্ৰন্থ মেলা ।
অসম প্ৰকাশন পৰিষদে অসমৰ গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ৫ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলি চৌহদত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে।দুলীয়াজানৰ গ্ৰন্থপ্ৰেমী আৰু পাঠকৰ বাবে প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ব প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজন কৰা এই গ্ৰন্থ মেলা ।এই উপলক্ষে প্ৰকাশিত কাৰ্যসূচীৰ সময়সূচী অনুসৰি অহা ৫ নৱেম্বৰত গ্ৰন্থমেলাখন উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী ড° ৰানোজ পেগুৱে। প্ৰখ্যাত অভিধানকাৰ, প্ৰকাশন ব’ৰ্ড অসমৰ উপাধ্যক্ষ, সুমন্ত চলিহা, বডো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰশ গোৱালা, ডিব্ৰুগড়ৰ উপায়ুক্ত বিক্ৰম কৈৰী, অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী আৰু অইল ইণ্ডিয়াৰ মূখ্য আৱাসিক বিষয়া ৰূপজ্যোতি ফুকনে অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব।সেইদিনা বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হব উদ্বোধনী অনুষ্ঠানৰ । সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আদিত্য গোস্বামীয়ে।অহা ৬ নৱেম্বৰত দিনৰ ১২ বজাৰ পৰা সভাস্থলীত অসমীয়া উপন্যাসৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমান নেওগে আলোচনা চক্ৰখন উদ্বোধন কৰিব। ড° অজিত শইকীয়া, ড° লখিপ্ৰিয়া গগৈ, ড° চিত্ৰজিৎ শইকীয়া আৰু ড° আছিম চুতীয়াই সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। দিনৰ ১.৩০ বজাৰ পৰা সভাস্থলীত ধ্ৰুপদী ভাষাৰ পৰা অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা সন্দৰ্ভত এখন আকৰ্ষণীয় আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। এই আলোচনা চক্ৰখন উদ্বোধন কৰিব সুমন্ত চলিহাই। ড° অৰ্পনা কোঁৱৰ, ড° সুবাসনা মহন্ত চৌধুৰী, ড° ভাস্কৰ জ্যোতি শৰ্মা, ড° গুণোদীপ চেতিয়াই সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব।
অহা ৭ নৱেম্বৰত পাঠক লেখক সন্মিলন অনুষ্ঠিত হ’ব। গোলাঘাটৰ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াৰ সঞ্চালনত অনুষ্ঠিত হব এই সন্মিলন।অহা ৮ নৱেম্বৰত প্ৰখ্যাত ঔপন্যাসিক দীপাংকৰ মল্ল বৰুৱাই যুৱ সাহিত্যিক সন্মিলন উদ্বোধন কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে সঞ্চালনাত এই কাৰ্যসূচীৰ অনুষ্ঠিত হব। দুপৰীয়া ২ বজাৰ পৰা এখন কবি সন্মিলন উদ্বোধন কৰিব অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি নীলাকান্ত শইকীয়াই। কবি সন্মিলনৰ সঞ্চালনা কৰিব অসমীয়া সাহিত্য সমালোচক ড° অৰিন্দম বৰকোটকীয়ে।
অহা ৯ নৱেম্বৰত চাহ জনজাতি সামূহিক সাহিত্য অনুষ্ঠান, ‘মাদোলৰ মাত’ অনুষ্ঠিত হ’ব। ১০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ শিৰোনাম হ’ব শিশুৰ বাবে।১১ নৱেম্বৰত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। এই উপলক্ষে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিখ্যাত বিজ্ঞানী তথা সাহিত্যিক ড° দীনেশ চন্দ্ৰ গোস্বামী, সাহিত্যিক আৰু সমালোচক ড° সত্যকাম বৰঠাকুৰ।সংবাদমাধ্যমক জনোৱা মতে সমগ্ৰ ৰাজ্যৰ ৩০ জনতকৈ অধিক গ্ৰন্থ প্ৰকাশকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত অঞ্চলটোৰ ২৩খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিব ।
৫ নৱেম্বৰৰ পৰা দুলীয়াজানত অসম গ্ৰন্থমেলা
Date: