দুলীয়াজান কংগ্ৰেছক মই গালি পৰা নাই কিন্তু উপ-নিৰ্বাচনৰ পৰা শিক্ষা লওক তেওঁলোকে — অখিল গগৈ || দুলীয়াজানত ৰাইজৰ দলৰ ৰাজহুৱা সভা আৰু যোগদান কাৰ্যসূচী By: Editor Date: December 21, 2024 ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- অসমৰ ৰাইজে ৰাইজৰ দলক মাত্ৰ ১০ বছৰ সময় দিয়ক । এইবাৰ ৰাইজৰ দলক ২০-২৫ টা সমষ্টি দিয়ক । ২০৩১ৰ নিৰ্বাচনত ৰাইজৰ দলক অকলে চৰকাৰ গঠন কৰিবলে দিয়ক । ১০ বছৰৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালক আমি সম্পূৰ্ণৰূপে ধনী কৰি দিম । ইয়াৰবাবে আমি ৫টা কাম কৰিম । প্ৰথম অসমৰ প্ৰতিখন পথাৰতে আমি পানী যোগান ধৰিম যাতে বছৰৰ সকলো সময়তে খেতিকৰিব পাৰে ।দুই প্ৰতিজন কৃষকক ন্যুনতম সমৰ্থন মূল্য অৰ্থাৎ খৰচৰ তিনিগুণ দাম দিম । তিনি¸ অসমৰ বজাৰ অসমৰ স্থানীয় লোকৰ হাতলৈ লৈ আহিম । চাৰি¸ অসমৰ প্ৰতিখন গাঁৱতে আমি সৰু সৰু উদ্যোগ স্থাপন কৰিম¸ অসমৰ প্ৰতিজন মানুহকে আমি কাম দিম । পাঁচ¸ অসমৰ মানুহৰ জনমূৰি আয় বৃদ্ধিৰ বাবে অসমক ট্যুৰিষ্ট ষ্টেট হিচাপে গঢ় দিম । এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ।আজি ৰাইজৰ দলৰ দুলীয়াজান সমষ্টি আৰু জাতীয় নাৰী বাহিনীৰ উদ্যোগত ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভা আৰু যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অখিল গগৈয়ে ৰাইজৰ দলৰ প্ৰতি অসমৰ জনসাধাৰণৰক আস্থা ৰাখিবলৈ আহ্বান জনাই এই মন্তব্য কৰে । ইফালে¸ মুখ্যমন্ত্ৰী হিমন্ত হিশ্ব শৰ্মাক স্বাভাৱিক ভংগীৰে ক্ষুৰধাৰ সমালোচনা কৰি অখিল গগৈয়ে কয়— হিমন্ত বিশ্ব শৰ্মাক বহুতেই অতি দক্ষ মন্ত্ৰী বুলি কয় । কিন্তু হিমন্ত বিশ্ব শৰ্মা প্ৰকৃততে অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী ।কংগ্ৰেছৰ দিনৰ পৰা বিজেপিৰ শাসনলৈকে অসমৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে শিক্ষামন্ত্ৰী হিচাপে থকা মন্ত্ৰীজনেই হ’ল হিমন্ত বিশ্ব শৰ্মা । অথচ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰী অৰ্থাৎ ড্ৰপ আউটৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে এক নম্বৰত । কংগ্ৰেছৰ দিনৰ পৰা বিজেপিৰ শাসনলৈকে অসমৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যমন্ত্ৰী হিচাপে থকা মন্ত্ৰীজনেই হ’ল হিমন্ত বিশ্ব শৰ্মা । অথচ শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে এক নম্বৰত । উন্নয়ন, দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ তলৰ পৰা সাত নম্বৰত । তেনেহ’লে তেওঁ কেনেকৈ দক্ষ হ’ল ? মুখ্যমন্ত্ৰীয়ে যিমানেই উন্নয়নৰ কথা নকওক কিয় অসমৰ মানুহ এতিয়া অসন্তুষ্ট । ৰাইজৰ দলৰ দুলীয়াজান সমষ্টিৰ সভাপতি বিমল গন্ধীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত অখিল গগৈয়ে উপ-নিৰ্বাচনৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ কংগ্ৰেছ দলক আহ্বান জনাই কয়— মই কংগ্ৰেছ দলক গালি পৰা নাই । মাত্ৰ কৈছো যে উপ-নিৰ্বাচনত কৰা ভুলৰ পুনৰাবৃত্তি যাতে পঞ্চায়ত নিৰ্বাচনতো নকৰে । তেওঁ বিজেপিবিৰোধী সকলো দলক একত্ৰিত হ’বলৈ অনুৰোধ জনায় । আনহাতে¸ মহাৰত্ন উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডকো অখিল গগৈয়ে সমালোচনা কৰি কয় যে অইল ইণ্ডিয়াৰ পৰা আগতে দুলীয়াজানৰ স্থানীয় লোকসকল উপকৃত হৈছিল । কিন্তু এতিয়া এই লোকসকল অইলৰপৰা কোনোধৰণে উপকৃত হোৱা নাই । এতিয়া অইল ইণ্ডিয়াৰপৰা উপকৃত হৈছে বাহিৰৰ কোম্পানীসমূহ । তৈলক্ষেত্ৰকে ধৰি সকলো কাম-কাজ এতিয়া অইল ইণ্ডিয়াই এই কোম্পানীবোৰক গতাই দিছে । ফলত স্থানীয় লোকসকল ঠিকা-ঠুকলি বা ব্যৱসায়-বাণিজ্যৰপৰা বঞ্চিত হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় থকাৰ স্বত্তেও স্থানীয় ৰাইজে যদি ইয়াত এটা ঠিকাও লাভ নকৰে¸ সৰু-সুৰা ব্যৱসায়ও কৰিব নোৱাৰে তেনেহলে ৰাইজ ক্ষোভিত হোৱাটো স্বাভাৱিক আৰু স্থানীয় বিধায়ক জনৰ প্ৰতি অনাস্থা অনাতো একো অস্বাভাৱিক নহয় । আনকি দুলীয়াজান চহৰৰ মূল পথছোৱাৰে অৱস্থা নাই । সমগ্ৰ সমষ্টিটোৰে একেই অৱস্থা । আজি দুলীয়াজান বিধান সভা সমষ্টিত এটা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে । যাৰ ফলত দুলীয়াজানৰ বিশিষ্ট লোকসকলে ৰাইজৰ দলৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আজি ৰাইজৰ দলত যোগদান কৰিছে । ইফালে¸ অখিল গগৈৰ উপস্থিতিত দুলীয়াজান গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰূপা দত্ত, অসম জাতীয় পৰিষদৰ নেত্ৰী বন্তি হাজৰিকা¸তৃণমূল কংগ্ৰেছৰ নেত্ৰী অঞ্জলী সেনাপতিসহ শতাধিক লোকে আজি ৰাইজৰ দলত যোগদান কৰে । ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া, জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী অৰুনা বৰা হাজৰিকা, জাতীয় যুৱ বাহিনীৰ উপ-সভাপতি নবদ্বীপ বৰপাত্ৰ গোহাঁই, ৰাইজৰ দলৰ মেডিয়া পেনৰলিষ্ট ডাঃ ৰিক্তম বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পদুম পোনা বৰুৱাৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে উক্ত যোগদান কাৰ্যসূচীত। নতুনকৈ দলত যোগদান কৰা সকলোৱে অখিল গগৈৰ উপস্থিতিত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰো সংকল্প গ্ৰহণ কৰে উপস্থিত ৰাইজে। নতুনকৈ দলত যোগদান কৰা সকলোকে গলবস্ত্ৰৰে দললৈ আদৰণি জনাই সভাপতি অখিল গগৈয়ে । Previous articleNext article Editorhttps://duliajanlive.in/ LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Share post: FacebookTwitterPinterestWhatsApp SubscribeI want inI've read and accept the Privacy Policy. Popular ৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ ৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন More like thisRelated ৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ Editor - January 6, 2025 দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি... ৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান Editor - January 6, 2025 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল... অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ Editor - December 21, 2024 ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ... দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন Editor - December 21, 2024 ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...