উৰপদ বিলত কি গান গালে অখিল গগৈয়ে ?

Date:

গুৱাহাটী৩ নৱেম্বৰ: আজি পুৱা অখিল গগৈয়ে কেইবাজনো সংগীৰ সৈতে গোৱালপাৰাৰ চামাগুৰি গাওঁত অৱস্থিত উৰপদ বিলত নৌকা বিহাৰ কৰিছিল। উৰপদ বিল ইয়াৰ একক সৌন্দৰ্যৰ বাবে বিখ্যাত। সমগ্ৰ উৰপদ বিল ভৰি‌ আছে ভেট ফুল আৰু পদুম ফুলেৰে। নৌকা বিহাৰৰ সময়ত অখিল গগৈয়ে তেওঁৰ সংগীবিন্দৰ সৈতে সুৰ ধৰিছিল এটা গোৱালপৰীয়া লোক গীতত। এই ভিদিও অখিল গগৈয়ে আপলোড কৰিছিল সামাজিক মাধ্যমত। পিছত লক্ষীমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাই এই ভিদিও নিজৰ ফেচবুক ৱালত শ্বেয়াৰ কৰি তিৰ্যক ভাৱে লিখিছিল – ধুবুৰীবাসীৰ মৰমৰ মাজত তেওঁলোকৰ প্ৰিয় নেতা অখিল গগৈ ।

ইয়াৰ পাছত অখিল গগৈয়ে মানৱ ডেকাক ফেচবুকত উভতি ধৰি কয় যে ” তেওঁ ধুবুৰীত নহয়, গোৱালপাৰাৰ গাৰো। জনগোষ্ঠীৰ লোকৰ বসতি প্ৰধান চামাগুৰিৰ উৰপদ বিলত গোৱালপৰীয়া লোক গীতৰ বিখ্যাত সাধক প্ৰতিমা পাণ্ডে বৰুৱাৰ এটা লোক গীত গুন গুনাইছিল।লগতে তেওঁ গোৱালপৰীয়া লোক গীত সম্পৰ্কে জ্ঞান নাইকীয়া মানৱ ডেকাই গোৱালপৰীয়া লোক গীতক মীয়া গীত বুলি কৈ অপমান কৰিছে বুলিও সমালোচনা কৰে।তেওঁ মানৱ ডেকাক প্ৰতিমা পাণ্ডে বৰুৱাক নাম কেতিয়াবা শুনিছে নে বুলিও প্ৰশ্ন কৰে ? ”

তলত অখিল গগৈ আৰু তেওঁৰ সতীৰ্থই গোৱা গোৱালপৰীয়া লোক গীত টি তুলি দিয়া হ’ল।

উৰপদ‌ বিলে ৰোজাৰ মেলা

পঞ্চৰত্ন যোগীঘোপা

তেলুৰ পিঠা, ছিটুৱা পিঠা ৰে’

গামোচা বান্ধা দৈ’য়াৰে

খাইয়া যা মোৰ প্ৰাণ বন্ধু ৰে’

একবাৰ তুই আইছেক না‌ ৰে….

অ’ বিদেশী প্ৰাণ বন্ধু ৰে’

তোৰ বাবে মোৰ প্ৰাণ কান্দে,

একবাৰ তুই আইছেক না ৰে’

গোৱালপাৰা বেৰিয়া যা ৰে

গোৱালপাৰাৰ ইলিছ মাছ

বাগান ভৰা ক’লাৰ গাছ

তেলুৰ পিঠা, ছিটুৱা পিঠা ৰে’

গামোচা বান্ধা দৈ’য়াৰে

খাইয়া যা মোৰ প্ৰাণ বন্ধু ৰে’

একবাৰ তুই আইছেক না‌ ৰে….

গিডাল মইছাল গুৰিয়াল ভাই

মাউত বন্ধু নাইয়া ভাই

ৰং বিৰুঙৰ সুৰ‌ দৰিয়া ৰে’

মইনছেৰ জুৰে মন‌ প্ৰাণ

সুনিয়া যা তুই গোৱালপাৰা গান

অ’ বিদেশী প্ৰাণ বন্ধু ৰে’ল

তোৰ বাবে মোৰ প্ৰাণ কান্দে,

একবাৰ তুই আইছেক না ৰে’ল

গোৱালপাৰা বেৰিয়া যা ৰে’ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...