দুলীয়াজান ১১ নৱেম্বৰ: দুলীয়াজানত অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ,পৰীক্ষা পৰিষদৰ দ্বাৰা আয়োজিত সমাৱৰ্তন দেওবাৰে দিনা দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত ৩৫৭ গৰাকীবিশাৰদ ডিগ্ৰী গ্ৰহণ কৰা শিক্ষাৰ্থী,ইয়াৰ ৯ গৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু সকলো দিশতেই আগবঢ়া ৯ খন মহাবিদ্যালয়ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।লগতে দুলীয়াজানৰ সাহিত্য-সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জনোৱা উক্ত অনুষ্ঠানটোত।সমাৱৰ্তনভাগি উপলক্ষে পুৱা ভাগত ধৰ্মধ্বজা উত্তোলন কৰে অসম সত্ৰ মহাসভাৰ সভাপতি সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানী আৰু স্মৃতি তৰ্পণ কৰে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তই। গায়ন-বায়নেৰে অতিথিসকলক আদৰণি জনোৱাৰ পাছত মংগলাচৰণেৰে অনুষ্ঠান মুকলি কৰা হয় । সমাৱৰ্তনৰ মূল অনুষ্ঠান উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাই। ৫আদৰণি ভাষণ আগবঢ়াই দুলীয়াজান আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি হেমকান্ত গগৈয়ে। ইয়াৰ পাছতে আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে দীক্ষান্ত ভাষণ আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সমূহ মহাবিদ্যালয়ৰ পৰিদৰ্শক ডঃ ৰূপম শইকীয়াই। ইপিনে বঁটা প্ৰদান আৰু দাতাসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সৰ্বোৎকৃষ্ট বিদ্যালয়ৰ প্ৰধান সকলকো সম্বৰ্ধনা জনাই সত্ৰ মহাসভাই। নিশালৈ সাংস্কৃতিক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।