Date:

বাৰেকুৰি কিউ.পি.এছত অগ্নিকাণ্ড তাৎক্ষণিকভাৱে নিৰ্বাপন অইলৰ

‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ অইল ইণ্ডিয়া লিমিটেডৰ এটা কিউ পি এছত আজি বিয়লি সংঘটিত এক অগ্নিকাণ্ডৰ তাৎক্ষণিকভাৱে সমাধান কৰাত সক্ষম হয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী । উল্লেখযোগ্য যে পানী আৰু গেছৰ এটা মিশ্ৰণ কাৰিকৰী বিজুতিৰ ফলত ফ্লেয়াৰ পিটত প্ৰৱেশ কৰাত জ্বলি যোৱাৰ ফলত ফ্লেয়াৰ পিটৰ পৰা ক’লা ধোঁৱা নিৰ্গত হয় । ইফালে কৰ্মৰত অইল কৰ্মচাৰীয়ে তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণৰ চেষ্টা কৰি পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হয় । এক বিবৃতিত অইলে প্ৰকাশ কৰে যে কিছু কিছু সময়ত তেল অথবা গেছ উৎপাদনৰ বাবে ব্যৱহিত আহিলা-পাতিৰ বিজুতিৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে, যদিও অইল ইণ্ডিয়াৰ প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মকৰ্তাসকল এইধৰণৰ যিকোনো পৰিস্থিতিৰ বাবে সদায় সাজু থাকে যাতে পৰিৱেশত ইয়াৰ কোনো বিৰূপ প্ৰভাৱ নপৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...