নতুন দিল্লী ১নৱেম্বৰ: ভয়ানক প্ৰদূষনে চানি ধৰিছে দিল্লীৰ আকাশ। দেৱালী উদযাপনৰ সমান্তৰাল ভাৱে প্ৰজ্বলন কৰা অত্যাধিক শব্দৰ বম আৰু ফটকা বিভিন্ন ধৰণৰ ফুলজাৰি, কলগছ আদিৰ ধোৱাৰে এতিয়া দিল্লীৰ আকাশৰ বায়ু মণ্ডলৰ মানদণ্ড নিম্ন কৰি তুলিছে।আজি ৰাজধানী দিল্লীৰ AQI( Air Quality Index) ৩৬১ ত ৰেকৰ্ড কৰা হৈছে। যিটো অতি বেয়া ( Very Poor) শাখা বুলি ধৰা হয়। ৰাজধানী চহৰখনৰ আৰকে পুৰম অঞ্চলত সৰ্বাধিক বেয়া AQI ৩৯৮ ত ৰেকৰ্ড কৰা হৈছে। ইয়াৰ উপৰিও চনিয়া বিহাৰ, আনন্দ বিহাৰ, বোৰাৰি আদি অঞ্চলত ৩৯৫ AQI ৰেকৰ্ড কৰা হৈছে বুলি System of Air Quality and Weather Forecasting and Research (SAFAR) প্ৰকাশ কৰিছে। সাধাৰণতে AQI ০ – ৫০ ভিতৰত ভাল , ৫১- ১০০ ত সন্তোষজনক, ১০১-২০০ মধ্যম, ২০১ -৩০০ বেয়া আৰু ৩০১ ৰ পৰা ৪০০ ভিতৰৰ AQI অতি বেয়াৰ শ্ৰেণীত ধৰা হয়। এই প্ৰদূষিত বায়ুৰ বাবে শ্বাস – প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত লোক আৰু বেছি বয়সৰ লোকসকলৰ যথেষ্ঠ সমস্যাৰ সন্মূখীন হোৱাৰ লগতে মৃত্যু পযন্ত হয়। উল্লেখযোগ্য যে দিল্লীৰ পৰিৱেশ মন্ত্ৰণালয়ে ১৪ অক্টোবৰতে দিল্লীত আটচবাজিৰ ব্যৱহাৰৰ লগতে বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছিল। চৰকাৰৰ এই বাধাৰ পিছতো ৰাজধানী চহৰ খনত হ্ৰাস পোৱা নাই আটচবাজিৰ ব্যৱহাৰ। যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিবেশৰ প্ৰতি সচেতন লোকসকল।
