৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰে অসম গ্ৰন্থমেলা দুলীয়াজানৰ সফল সামৰণি

Date:

তৈল নগৰী দুলীয়াজানত ৪০ লাখ টকাৰ কিতাপ বিক্ৰী আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি বৰ্ণিল কাৰ্যসূচী ৰূপায়ণেৰে সোমবাৰে সফল সামৰণি পৰিল ২০২৪-২৫ বৰ্ষৰ প্ৰথমখন অসম গ্ৰন্থমেলাৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দুলীয়াজান বিহুতলী খেলপথাৰত যোৱা ৫ নবেম্বৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা খনিৰ সোমবাৰে বিয়লি সামৰণী পৰে। সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু ৷ শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে মানুহে শাৰীৰিক সুস্থতাৰ বাবে ব্যায়াম কৰে, মানসিক সুস্থিৰতাৰ বাবে যোগ বা ধ্যান কৰে ৷ সমান্তৰালভাৱে মানুহৰ মনক সংযত বা নিয়ন্ত্ৰণত ৰাখিব পাৰে পুথি অধ্যয়নে ৷ কিতাপে অশান্ত মনক শান্ত কৰিব পাৰে ৷ সেয়ে সৰুৰে পৰা ল’ৰা-ছোৱালীক কিতাপৰ প্ৰতি আকৰ্ষিত কৰি পঠনৰ জৰিয়তে মানসিক ব্যায়ামৰ প্ৰশিক্ষণ দিয়া উচিত ৷ গ্ৰন্থমেলাই এনে পৰিৱেশ সৃষ্টিত নিশ্চয় ইন্ধন যোগায় ৷ কাৰণ গ্ৰন্থমেলাত মানুহে কিতাপৰ সান্নিধ্য লাভ কৰে ৷ জীৱনৰ বাবে পানী আৰু অম্লজানৰ দৰেই কিতাপো সমানেই প্ৰয়োজনীয় ৷ ৬৪ টা কলাৰ ভিতৰত সহজ কলা হৈছে কিতাপ পঢ়া ৷ কিতাপে দিয়া জ্ঞানৰ যেতিয়াই প্ৰজ্ঞালৈ উত্তৰণ ঘটে তেতিয়াই পৰম আনন্দৰে পুলকিত হ’ব পাৰি ৷অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট বিজ্ঞানী, লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৷ ভাষণত তেওঁ কয়—“ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা আয়োজন কৰাটো ৰাজ্যবাসীৰ বাবে আনন্দৰ বতৰা ৷ ইয়াৰ জৰিয়তে গ্ৰন্থৰ প্ৰসাৰ হোৱাৰ লগতে বৌদ্ধিক পৰিৱেশ সমৃদ্ধ হৈছে ৷ ” সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাহিত্য একাদেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক তথা বিশিষ্ট লেখক-অনুবাদক দিগন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়—“ গ্ৰন্থমেলাসমূহে কিতাপৰ প্ৰসাৰ আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এক আশাব্যঞ্জক পৰিৱেশ গঢ়ি তুলিছে ৷ অসমীয়া ভাষাটোক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ কিন্তু ভাষাৰ সংকট আঁতৰি য়োৱা নাই ৷ নব্য অভিজাততন্ত্ৰ , ইউৰোপীয় সংস্কৃতিৰ প্ৰতি সন্মোহনে আমাৰ ভাষা-সাহিত্যৰ প্ৰতি শংকা নমাই আনিছে ৷ ইয়ে অসমীয়া তথা ভাৰতীয় সাহিত্যৰ প্ৰতিয়ে সংকট নমাই আনিছে ৷” প্ৰসংগত তেওঁ লগতে কয় যে আধুনিক যুগৰ পাছৰ উত্তৰাধুনিক আৰু তাৰো পাছৰ উত্তৰ উত্তৰাধুনিকতাবাদৰ তত্ত্বই সাহিত্যক দিকভ্ৰান্ত কৰিছে ৷ তাতে আকৌ আমদানি কৰা হৈছে পুনৰ নিৰ্মাণ তত্ত্ব ৷ অৰ্থাৎ ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্যক নতুনকৈ লিখা ধৰণৰ এক অদ্ভুত তত্ত্ব ৷ কিন্তু এই যুগৰ সাহিত্য মাহাকাব্য সমূহৰ দৰে স্থায়ী হ’ব বুলি কোনো প্ৰমাণ নাই ৷ তেওঁ প্ৰসংগক্ৰমে ঋষি অৰবিন্দৰ বাণীৰ উদ্ধৃতিৰে হৃদয় বৃত্তি আৰু চিন্তা বিপ্লৱৰ কথাও উল্লেখ কৰে ৷ সভাখনত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়াৰ মানৱ সম্পদ বিভাগৰ কাৰ্যৱাহী সঞ্চালক মাধুৰ্য বৰুৱা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৌধুৰীকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই
অসম গ্ৰন্থমেলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ গ্ৰন্থমেলা সম্প্ৰসাৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ জিলা সদৰৰ উপৰি অন্য স্থানতো এই গ্ৰন্থমেলা আয়োজনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।দুলীয়াজানত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাত প্ৰায় ৪০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে ৷ ইয়াৰ পাছতে বিগত ছয় দিন ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...