দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

Date:

 

‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ আস্থানস্থিত দুলীয়াজান সাহিত্য সভা ভৱনত কালি দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশনখন সফলভাৱে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা লেখিকা সংস্থাৰ পতাকা উত্তোলন কৰে দুলীয়াজান লেখিকা সংস্থাৰ সভাপতি মিতালী মহন্ত‌ই আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি বিজয়া বৰুৱা‌ আৰু উপদেষ্টা বিমলী নাথে। ইয়াৰ পিছতে লেখিকা সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দীপিকা শইকীয়া বিচাৰক হিচাপে উপস্থিত থকা প্ৰতিযোগিতা পৰিচালনা কৰে নিজু ৰাভা গগৈয়ে। বিয়লি মিতালী মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সম্পাদক শোভামণি দত্ত তামুলীয়ে। অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মনামী দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক যদুমণি দত্ত, সহ প্ৰযোজক ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তক দুলীয়াজান লেখিকা সংস্থা‌ই সম্বৰ্ধনা জ্ঞাপন কৰে। শোভামণি দত্ত তামুলী আৰু স্বপ্না দেৱী নাথে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত দুলীয়াজান সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্ত ,উত্তৰণ কবি চক্ৰৰ সভাপতি বিনোদ বড়া , সদৌ অসম কবি সন্মিলনৰ যুটীয়া সম্পাদক পবিত্ৰ বৰঠাকুৰ , জ্যেষ্ঠ সাংবাদিক ব্ৰজেন গগৈ, জয়ন্ত ভূঞাৰ লগতে প্ৰশান্ত দত্ত , অণু শইকীয়া , দীপালী তামুলী আদি বিশিষ্ট ব্যক্তি সকল নিমন্ত্ৰত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। আনহাতে মধ্যকালীন অধিবেশনৰ লগত সঙ্গতি ৰাখি অনলাইন যোগে লেখিকা সংস্থাৰ সদস্যসকলৰ মাজত অনুষ্ঠিত কৰা কবিতা আৰু গল্প প্ৰতিযোগিতাত সবিতা বৰুৱা দত্ত‌ই শ্ৰেষ্ঠ কবিৰ সন্মান আৰু ৰীনা বিশ্বাসে শ্ৰেষ্ঠ গল্পকাৰৰ সন্মান লাভ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

বাৰেকুৰি কিউ.পি.এছত অগ্নিকাণ্ড তাৎক্ষণিকভাৱে নিৰ্বাপন অইলৰ ‘দুলীয়াজান লাইভ E-Paper'ৰ দুলীয়াজান...