গুৱাহাটী ৩ নৱেম্বৰ: ভাৰতৰ জাতীয় ক্ৰিকেট দলে সম্ভৱত টেষ্ট ক্ৰিকেট ইতিহাসত নিজ গৃহ ভূমিত আটাইতকৈ লজ্জাজনক পৰাজয়ৰ সন্মূখীন হব লগা হল। তিনিদিনীয়া টেষ্ট ছিৰিজৰ আজি মুম্বাই ৱানখাৰে ষ্টেডিয়ামত হোৱা টেষ্ট খেলখনত আলহী নিউ জিলেণ্ড ক্ৰিকেট দলৰ হাতত ২৫ ৰাণত পৰাজয় স্বীকাৰ কৰে। ভাৰতৰ হৈ ঋষভ পন্তে সৰ্বাধিক ৬৪ ৰানৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে বাকীসকলৰ অধিকাংশই ১০ ৰানৰ সীমা পাৰ কৰিব নোৱাৰিলে। এইখন খেলৰ উপৰিও তিনিদিনীয়া টেষ্ট শৃংখলাৰ বেংগালুৰুত হোৱা টেষ্টখনত ৮ উইকেটত আৰু পুনাত হোৱা টেষ্টত ১১৩ ৰাণত কিৱি দলটোৱে জয়লাভ কৰিছিল। এই গোটেই শৃংখলাত ভাৰতৰ ৰুহিত শৰ্মা, বিৰাট কহলি, কে ল ৰাহুল, ৰবীন্দ্ৰ জাদেজা কোনো এজনেই সন্তোষজনক প্ৰদৰ্শন কৰিব নোৱাৰিলে।
ভাৰতৰ টেষ্ট ক্ৰিকেট ইতিহাসৰ আটাইতকৈ লজ্জাজনক পৰাজয়।
Date: