বিশ্বনাথ ৪ নৱেম্বৰ: বিহালী বিধান সভা সমষ্টিৰ উপ – নিৰ্বাচনৰ ফলাফল কি হ’ব ? ইয়াক লৈ এতিয়া শাসক-বিৰোধী সকলোৰে মাজত বিৰাজ কৰিছে সৰব চৰ্চা। বিহালীৰ পূৰ্বৰ বিধায়ক ৰঞ্জিত দত্তই তেজপুৰ লোক সভা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ লোক সভালৈ বিগত নিৰ্বাচনত নিৰ্বাচিত হোৱাত,খালি হৈছিল বিহালীৰ বিধান সভাৰ আসনখন। অহা ১৩ নৱেম্বৰত অসমৰ আন চাৰিটা বিধান সভাৰ লগতে উপ নিৰ্বাচন অনুষ্ঠিত হব বিহালী বিধান সভা সমষ্টিটো। বিহালিত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিশ্বনাথ বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ। বিৰোধীৰ ঐক্য মঞ্চ ‘ অসম সন্মিলিত মৰ্চা ‘ ভাঙি কংগ্ৰেছে বিহালীত নিজাকৈ প্ৰাৰ্থী দিছে বিজেপি দলৰ পৰা সদ্য পদত্যাগী জয়ন্ত বৰাক। আনহাতে কংগ্ৰেছক বাদ দি অসম সন্মিলিত মৰ্চাৰ চিপিআই(এম.এল)দলৰ লক্ষ্মী কান্ত কুৰ্মী। সমষ্টিটোত বিৰোধীৰ মাজত প্ৰাৰ্থী দিয়াক লৈ সৃষ্টি হৈছিল মতানৈক্যৰ। প্ৰথম অৱস্থাত কংগ্ৰেছে সমষ্টিটো বিৰোধীক এৰি দিছিল। বিৰোধীৰ প্ৰাৰ্থী হৈছিল চিপিআই (এম এল) দলৰ জ্যেষ্ঠ নেতা বিবেক দাস। কিন্তু বিবেক দাস প্ৰাৰ্থী হোৱা পিছত সৃষ্টি হৈছিল বিতৰ্কৰ। কংগ্ৰেছে বিবেক দাসৰ প্ৰাৰ্থীত্বক লৈ আপত্তি কৰিছিল আৰু প্ৰাৰ্থী সলনি কৰিবলৈ অসম সন্মিলিত মৰ্চাক আহ্বান জনাইছিল। পিছত গৌৰৱ গগৈৰ হস্তক্ষেপত কংগ্ৰেছে বিজেপিৰ পৰা পদত্যাগ কৰা ,২০২১ চনৰ বিধান সভা নিৰ্বাচনত নিৰ্দলীয় হৈ নিৰ্বাচন খেলা জয়ন্ত বৰাক প্ৰাৰ্থীত্ব দিছিল। ইয়াৰ পিছৰ পৰাই বিহালীত আকৰ্ষনীয় হৈ উঠিছিল নিৰ্বাচনী ৰণ।
যদি আমি বিহালীৰ পূৰ্বৰ নিৰ্বাচনী ফলাফল সমূহ লক্ষ্য কৰি তেতিয়া দেখিম যে , ২০২১ চনত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই লাভ কৰিছিল ৫৩,৫০০ ভোট, দ্বিতীয় স্থানত থকা নিৰ্দলীয় জয়ন্ত বৰাই লাভ কৰিছিল ২৩,৭০০ আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী বিবেক দাসে লাভ কৰিছিল ২১,৫০০ ভোট। প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৰঞ্জিত দত্তই। কিন্তু যদি জয়ন্ত বৰা আৰু বিবেক দাসৰ ভোটাৰ সংখ্যা একলগ কৰি চোৱা যায় তেন্তে দুয়োৰে ভোট মিলি হয়গৈ ৪৫ হাজাৰ । সেই হিচাপেও ৰঞ্জিত দত্ত ৮ হাজাৰ ভোটত আগবাঢ়ি থাকে। ২০১৬ চনৰ নিৰ্বাচনতো ৰঞ্জিত দত্তই লাভ কৰিছিল ৫২ হাজাৰ ভোট। কংগ্ৰেছ দলৰ ৰূপক শৰ্মাই লাভ কৰিছিল ২৮,৫০০ আৰু চি পি আই এম্ এলৰ বিবেক দাসে লাভ কৰিছিল ৮ হাজৰ ভোট। ২০১১ চনৰ নিৰ্বাচনতো বিবেক দাসে লাভ কৰিছিল ১২,৭০০ ভোট। পূৰ্বৰ নিৰ্বাচনৰ ভোটৰ সংখ্যা হিচাপে চালে বিজেপি দলৰ প্ৰায় ৫০ হাজাৰ ভোটাৰ এক নিৰ্দিষ্ট সংখ্যা দেখা যায়। কংগ্ৰেছ দলৰ প্ৰায় ৩০ হাজৰ নিৰ্দিষ্ট ভোটৰ সংখ্যা আছে, আনহাতে পূৰ্বৰ নিৰ্বাচন সমূহত পোৱা ভোটৰ সংখ্যা চালে চিপিআই( এম এল)ৰ নিদিষ্ট ১৫ ৰ পৰা ২০ হাজাৰ ৰ ভিতৰত ভোট আছে। সেই হিচাপে বিজেপিৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ হ’লে কংগ্ৰেছ আৰু চিপিআই ( এম এল) ৰ ঐক্যবদ্ধ হৈ যুঁজা প্ৰয়োজন আছিল। তেতিয়া হয়তো বিজেপিৰ বাবেও কঠিন হল হেঁতেন নিৰ্বাচনী যুঁজ। কিন্তু এইবাৰ উপ নিৰ্বাচনত সলনি হল নিৰ্বাচনী ৰসায়ন। কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হল বিজেপিৰ পৰা পদত্যাগ কৰা মানুহ। লগতে বিজেপিৰ ভিতৰত চলি আছে ৰঞ্জিত দত্ত আৰু ২০১১ চনত বিহালীৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা পল্লৱ লোচন দাসৰ ফৈদৰ মাজত শীতল যুদ্ধ। পূৰ্বৰ তেজপুৰ লোক সভাৰ সাংসদ পল্লব লোচন দাসৰ ঠাইত এইবাৰ সাংসদ হল ৰঞ্জিত দত্ত। হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ পল্লব লোচন দাস বিহালিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত মন্ত্ৰী হোৱা একপ্ৰকাৰৰ নিশ্চিত আছিল কিন্তু পল্লৱ লোচনৰ এই মন্ত্ৰী হোৱা মসৃণ বাটত বতৰ কাঁইট হৈ থিয় দিলে ৰঞ্জিত দত্তই। যোৱা ৮ বছৰ ৰঞ্জিত দত্তৰ দখলত থকা সমষ্টিটোৰ নেতা – কৰ্মীয়ে দত্তৰ প্ৰৰোচনাত বিদ্ৰোহ ঘোষণা কৰিলে পল্লৱ লোচনৰ বিৰুদ্ধে। বিদ্ৰোহ এই পৰ্য্যায় পালেগৈ যে,বিজেপিৰ তৃণমূলৰ নেতা কৰ্মীয়ে সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ পল্লব লোচনৰ প্ৰাৰ্থীত্ব বিৰোধিতা কৰিলে। পল্লবে টিকেত পালে নিৰ্বাচন বৰ্জন কৰাৰ হুংকৰ দিলে। এই অৱস্থাত ৰাজ্যিক বিজেপিয়ে বিতৰ্ক বঢ়াব নিবিচাৰি পুৰণি বিজেপি কৰ্মী দিগন্ত ঘটোৱাৰক নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে টিকেট দিলে। ইফালে নিৰ্বাচনত টিকট পাম বুলি ৰৈ থকা জয়ন্ত বৰাই ত্যাগ কৰিলে বিজেপি। বিজেপিৰ পৰা টিকট বঞ্চিত ধনী ব্যক্তি জয়ন্ত বৰা কংগ্ৰেছৰ পৰা টিকট পোৱা আশাত কাষ চাপিল ভূপেন বৰাৰ,ভূপেন বৰাৰ পৰা কোনো ইতিবাচক সঁহাৰি জয়ন্তই লাভ নকৰিলে। ইফালে ৰৈ থকা ভকত নাছিল জয়ন্ত বৰা। ভূপেন বৰাৰ ওচৰত কাম নিসিঁজা দেখি এইবাৰ জয়ন্তই তাগিদা দিলেগৈ গৌৰৱ গগৈৰ ওচৰত। চল চাই কঠিয়া পাৰিব জনা গৌৰৱ গগৈয়ে নিৰাশ নকৰিলে জয়ন্তক। অৱশেষত কংগ্ৰেছৰ বাবে গোল্ডেন বয় হৈ পৰা এইজন জয়ন্ত বৰাৰ বাবেই বিৰোধী ঐক্যৰ পৰা ওলাই আহি, বিৰোধী ঐক্য ভাঙি কংগ্ৰেছে জয়ন্ত বৰাক টিকট দিলে বিহালীৰ পৰা। কংগ্ৰেছ দলৰ ইতিহাসত ৰেকৰ্ড সৃষ্টি কৰি দলত যোগ দিয়াৰ আগতেই কংগ্ৰেছ দলৰ পৰা টিকট পালে জয়ন্ত বৰাই। বিৰোধী ঐক্য ভঙাৰ বাবে সমালোচিত ও হ’ল গৌৰৱ গগৈ। এতিয়া বিহালীৰ নিৰ্বাচনী ৰণক্ষেত্ৰত কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ জয়ন্ত বৰাৰ হৈ তীব্ৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। ইফালে কংগ্ৰেছে বিৰোধী ঐক্য ভংগ কৰাৰ পিছত বাকী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী হ’ল চি পি আই ( এম এল) দলৰ লক্ষ্মী কান্ত কুর্মি । অতি সহজ সৰল আৰু বহু বছৰ ধৰি চি পি আই (এম এল) দলৰ হৈ শোষিত মানুহৰ হৈ কাম কৰি অহা লক্ষ্মী কান্ত কুৰ্মিয়ে পদব্ৰজে মানুহৰ ঘৰে ঘৰে, বগানৰ লাইনে লাইনে চলাই আছে নিৰ্বাচনী প্ৰচাৰ। কিন্তু দুজন কৈ বিত্তশালী প্ৰাৰ্থীৰ সন্মুখত নিস্তেজ হৈ পৰিছে কুৰ্মিৰ প্ৰচাৰ।
এতিয়া জয়ন্ত বৰাই কংগ্ৰেছৰ নিৰ্দিষ্ট ৩০ হাজাৰ ভোট আৰু বিজেপিৰ নিৰ্দিষ্ট ৫০ হাজাৰ ভোটৰ পৰা কিমান ভোট নিজৰ পক্ষলৈ আনিব পাৰে সেইয়া লক্ষণীয় হব। বিহালীত আছে প্ৰায় ২০০০০ হাজাৰ গোখা সম্প্ৰদায়ৰ ভোটাৰ। তাৰ অধিকাংশ বিজেপিৰ ভোটাৰ । এইবাৰ নিৰ্বাচনত এইখিনি ভোট কাৰ পক্ষত যায় সেইয়াও হব লক্ষণীয়। মন্ত্ৰী হোৱাৰ আশা ভংগ হোৱা পল্লব লোচনে ৰঞ্জিত দত্তৰ মনৰ পছন্দ প্ৰাৰ্থীক কিমান সহায় কৰে সেইয়ো হ’ব চাবলগীয়া । বিজেপিৰ হৈ পিযুজ হাজৰিকা,ৰঞ্জিত দত্ত, পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক পদ্ম হাজৰিকা, দিগন্ত কলিতা, মানৱ ডেকা, উৎপল বৰা, প্ৰমোদ বৰঠাকুৰ আৰু বহুজন নিৰ্বাচনী যুঁজত নামি পৰিছে। আনফালে কংগ্ৰেছৰ হৈ গৌৰৱ গগৈৰ উপৰিও কেইবাজনো বিধায়ক জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলে নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰি জয়ন্ত বৰাক নিৰ্বাচনত জয়ী কৰাব পৰিব নে নোৱাৰে সেইয়া ও হব এক চেলেঞ্জ। বিহালীত মূল নিৰ্বাচনী যুঁজ যে বিজেপিৰ দিগন্ত ঘটোৱাৰ আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজতে হব সেইয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে। অৱশ্যে নিৰ্বাচনী ফলাফল পাবলৈ ৰব লাগিব ২৩ নবেম্বৰলৈ।
কি হ’ব বিহালিৰ উপ নিৰ্বাচনত অংক, কিমান ভোট পাব কংগ্ৰেছৰ গোল্ডেন বয় জয়ন্ত বৰাই?
Date: