তিনিচুকীয়া ২ নৱেম্বৰ: অসম জাতীয়তাবাদ যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত,তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা তালাপ-ডাঙৰি-ছৈখোৱা আঞ্চলিক সমিতিৰ সহযোগত ডাইছাত ১৯ আৰু ২০ নবেম্বৰ ২০২৪ ত ২৮৯ সংখ্যক ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হৈছে।এই বৰ্ণাঢ্য অনুষ্ঠানটিৰ প্ৰথম দিনা অৰ্থাৎ ১৯ নৱেম্বৰত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াক বীৰ ৰাঘৱ মৰাণ বটা প্ৰদান কৰা হব ।