অইলৰ বিৰোধে আছুৰ প্ৰতিবাদ || জাতীয় অৰ্থনৈতিক ভেটি সুদৃঢ় কৰা উদ্যোগটোক ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ অনাঅসমীয়া অধ্যক্ষৰঃ আছু

Date:

১২ ডিচেম্বৰ , দুলীয়াজানঃ দেশৰ মহাৰত্ন কোম্পানী, অসমৰ জাতীয় উদ্যোগ অইল ইণ্ডিয়া লিমিটেড ৷ জাতীয় অৰ্থনৈতিক ভেটি ত্বৰান্বিত কৰা উদ্যোগ প্ৰতিষ্ঠানটোৱে শেহতীয়া এনহেন্সমেন্ট নিবিদাৰ জৰিয়তে শীৰ্ষ বিষয়াই নিজৰ ব্যক্তিগত মুনাফা আদায় কৰিবলৈ ব্যক্তিগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ সৈতে গোপন বুজাবুজি কৰি জৰাজান তৈলক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাব বিচৰা কাৰ্যৰ বিৰোধীতাৰে আজি দুলীয়াজান আঞ্চলিক ছাত্ৰ পুৱা ৩ বজাৰ জৰাজান তৈলক্ষেত্ৰ বন্ধ কৰি ৰাখে ৷ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বড়া আৰু সাধাৰণ সম্পাদক সমীৰণ গগৈয়ে আজি এক বৃবিতিৰ যোগেদি কয় , অইল ইণ্ডিয়া লিমিটেড আজিও বৃহৎ পুজিপতিৰ হাতোৰাৰ কৱলৰ পৰা মুক্ত হ’ব পৰা নাই ৷ ইয়াৰ শেহতীয়া উদাহৰণ জৰাজান তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিব বিচৰা কাৰ্য ৷ ১৯৭২ চনতে আবিষ্কাৰ হোৱা জৰাজান তৈলক্ষেত্ৰখনিত আজিৰ তাৰিখত ১৫ টা খাদততোধিক লাভান্বিত জৰাজান ক্ষেত্ৰখনি কিয় পুজিপতিৰ হাতত গতাই দিব বিচাৰিছে সেইয়া ৰহস্যৰ আবত্ত’ত ৷ বহু সময়ত অসম বিৰোধী চক্ৰই অইলক পুজিপতিৰ হাতত গতাবলৈ কু অভিসন্ধি কৰি আহিছে আৰু সেই চক্ৰৰ সৈতে অইল পৰিচালন সঞ্ছালক জন জডিত নেকি সেই কথা সন্দেহৰ আবত্তত ৷ যদি ব্যক্তিগত প্ৰতিষ্ঠানৰ বুজাবুজিৰে জাতীয় উদ্যোগটোক ধ্বংস কৰিব বিচৰা নাই অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, গৰাকীয়ে তেনেহলে বিহিত ব্যৱস্থা কৰি দেখাওক ৷ কেৱল নিজৰ ব্যক্তিগত মুনাফা আদায় কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব ৷ ইয়াৰ বিৰুদ্ধে ছাত্ৰ সন্থাই ভবিষ্যতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...