অসমদুলীয়াজান অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ By: Editor Date: December 21, 2024 ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ শীৰ্ষ পৰ্যায়ৰ তৈল উদ্যোগ প্রতিষ্ঠান ‘মহাৰত্ন’ অইল ইণ্ডিয়া লিমিটেডৰ অভিযান শাখাৰ নতুন সঞ্চালক হিচাপে ত্রৈলোক্য বৰগোহাঁয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে । দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ ৰূপাইবাম গাঁৱৰ বাসিন্দা ত্রৈলোক্য বৰগোহাঁয়ে ১৯৯৫ চনত অইলৰ দুলীয়াজানস্থিত ক্ষেত্রীয় মুখ্য কার্যালয়ৰ ভূতাত্ত্বিক বিভাগত কার্যবাহী নবিচ হিচাপে যোগদান কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ অসম, ৰাজস্থান আৰু গেবনৰ কেইবাটাও প্রধান তেল আৰু গেছৰ আবিষ্কাৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । ২০১৭ চনৰ পৰা ২০২১ চনলৈকে অইলৰ গেবন অন্বেষণ প্রকল্পৰ মহাপ্রবন্ধক আৰু মুৰব্বী হিচাপে থকাৰ সময়ছোৱাত বৰগোহাঁইৰ নেতৃত্ব আৰু কাৰিকৰী বুদ্ধিমত্তাই অতি গুৰুত্বপূর্ণ প্রভাব পেলাইছিল। ৰুড়কীৰ আই আই টিৰ পৰা প্রায়োগিক ভূ-বিজ্ঞানত এম এছ চি ডিগ্রীধাৰী ত্রৈলোক্য বৰগোহাঁই আমেৰিকাৰ টেক্সাকানাৰ এ এণ্ড এম বিশ্ববিদ্যালয়ৰ পৰা এনার্জী লীডাৰশ্বিপত এম বি এ ডিগ্রীধাৰী বিষয়া। ই এণ্ড পি সঞ্চালন ক্ষেত্রত তিনি দশকৰো অধিক সময়ৰ বিস্তৃত অভিজ্ঞতা সম্পন্ন বৰগোহাঁই এজন অভিজ্ঞ তেল আৰু গেছ পেছাদায়িত্ব সম্পন্ন ব্যক্তি । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসংখ্য কাৰিকৰী গবেষণা-পত্র উপস্থাপন কৰাৰ উপৰি ৩৬ টাতকৈও অধিক অন্বেষণ মূল্যায়ন প্রতিবেদন ৰচনা কৰা কৃতিত্বসম্পন্ন বৰগোহাঁই উদ্যোগটোৰ এগৰাকী স্বীকৃতিপ্রাপ্ত চিন্তাশীল নেতা। ইয়াৰ পূর্বে তেওঁ অইলৰ মুখ্য মহাপ্রবন্ধক (ভূ-বিজ্ঞান আৰু তৈলাশয়) হিচাপে কার্যনির্বাহ কৰি উজনি অসমৰ তেল আৰু গেছ ক্ষেত্ৰৰ উন্নয়ন ত্বৰান্বিত কৰা পদক্ষেপসমূহৰ নেতৃত্ব দিছিল। বিভিন্ন উদ্যোগ সংস্থাসমূহৰ সৈতে সক্রিয়ভাৱে জড়িত ত্রৈলোক্য বৰগোহাঁয়ে ২০২৩-২৫ বর্ষব বাবে এছচিয়েশ্যন অব্ পেট্রলিয়াম জিঅ’লজিষ্টছৰ (এপিজি ইণ্ডিয়া) উপ-সভাপতি হিচাপে কার্যনির্বাহ কৰি থকাৰ লগতে জিঅ’ ইণ্ডিয়াৰ ২০২৪ বৰ্ষৰ কেন্দ্রীয় কার্যবাহী সংস্থাৰ এজন মূল সদস্য হিচাপে দায়িত্ব পালন কৰি আছে । আনহাতে, তেওঁ আমেৰিকান এছ’চিয়েশ্যন অব্ পেট্র’লিয়াম জিঅ’লজিষ্টছ আৰু দ্য ছ’চাইটি অব্ পেট্র’লিয়াম ইঞ্জিনিয়ার্ডৰ সৈতেও জড়িত । উল্লেখ্য যে এইগৰাকী অসমৰ সুসন্তানে আমেৰিকাত এম বি এ কৰি থকাৰ সময়ত শৈক্ষিক উৎকর্ষতাৰ প্রতিষ্ঠিত সন্মানীয় সংঘ ডেল্টা-মু-ডেল্টাৰ সদস্যপদ লাভ কৰিছিল। ত্রৈলোক্য বৰগোহাঁইৰ বিস্তৃত বিশেষজ্ঞতা আৰু নেতৃত্বই কার্যকৰী উৎকর্ষতাক আগুৱাই নিয়াত আৰু ই এণ্ড পি খণ্ডত অইলক কৌশলগত লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি তৈল প্ৰতিষ্ঠানটোৰ কর্তৃপক্ষই আশা প্ৰকাশ কৰিছে । Previous articleদুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্নNext article৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান Editorhttps://duliajanlive.in/ LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Share post: FacebookTwitterPinterestWhatsApp SubscribeI want inI've read and accept the Privacy Policy. Popular ৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ ৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন কংগ্ৰেছক মই গালি পৰা নাই কিন্তু উপ-নিৰ্বাচনৰ পৰা শিক্ষা লওক তেওঁলোকে — অখিল গগৈ || দুলীয়াজানত ৰাইজৰ দলৰ ৰাজহুৱা সভা আৰু যোগদান কাৰ্যসূচী More like thisRelated ৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ Editor - January 6, 2025 দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি... ৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান Editor - January 6, 2025 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল... দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন Editor - December 21, 2024 ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ... Editor - December 21, 2024 বাৰেকুৰি কিউ.পি.এছত অগ্নিকাণ্ড তাৎক্ষণিকভাৱে নিৰ্বাপন অইলৰ ‘দুলীয়াজান লাইভ E-Paper'ৰ দুলীয়াজান...