৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

Date:

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি আৰু মানুহৰ আত্মিক বন্ধনৰ লক্ষ্য আৰু উদ্দেশ্যেৰে জন্মলগ্নৰেপৰা বিভিন্ন সামাজিক-সাংস্কৃতিক কৰ্ম সম্পাদন কৰি অহা দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ অহা ৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰিব । স্বনামধন্য সাহিত্যিক, নাট্যকাৰ, নাট পৰিচালক, বোলছবি পৰিচালক তথা কলাসাধক ড° ভবেন্দ্র নাথ শইকীয়াৰ সামগ্রিক কৰ্মৰাজিৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্রদ্ধাঞ্জলিৰে ‘পথাৰ’এ প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এই নাট সমাৰোহখনিয়ে এইবাৰ ১৮ সংখ্যক বৰ্ষত ভৰি দিছে । ৮ ৰ পৰা ১১ জানুৱাৰীলৈ দুলীয়াজান ক্লাব প্রেক্ষাগৃহত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া নাট সমাৰোহখনিৰ উদ্বোধনী অনুষ্ঠানত দুলীয়াজানৰ প্ৰয়াত অভিনেতা প্রদীপ কুমাৰ বড়াৰ সোঁৱৰণত পথাৰ প্রদীপ্ত বঁটা-২০২৫ প্রতিষ্ঠিত অভিনেত্রী, নাট পৰিচালক ভাগিৰথী বাই কাদমক প্রদান কৰা হ’ব । তদুপৰি নাট সমাৰোহৰ প্ৰথম সন্ধিয়া ‘পথাৰ’ দুলীয়াজানৰ পবিত্র চেতিয়াৰ পৰিচালনাত ‘কল্পকথা’, গুৱাহাটীৰ ছিগাল নাট্য গোষ্ঠীৰ ভাগিৰথী বাই কাদমৰ পৰিচালনাত ‘দ্যা লেচন’, ৯ জানুৱাৰীত গৌৰেশ্বৰৰ পৰী শৰণীয়াৰ পৰিচালনাত ‘মাংগ্রি’, ভুৱনেশ্বৰৰ সুজাতা প্রিয়ম্বদাৰ পৰিচালনাত ‘বেৱতি চেৱতি আও এবাতি’, ১০ জানুৱাৰীত পুনেৰ সতীশ কুমাৰ পৰিচালনাত ‘খোল দো’, পথাৰ-দুলীয়াজানৰ হৈ হৰিচৰণ ভূঞা বৰবায়ন আৰু নিৰঞ্জন শইকীয়া বৰবায়নৰ পৰিচালনা উপদেষ্টাত আৰু পবিত্র চেতিয়াৰ পৰিচালনাত ‘ৰাম বিজয়’ আৰু ১১ জানুৱাৰীত পথাৰ গুৱাহাটীৰ ৰূপান্তৰ বৰপাত্র গোহাঁইৰ পৰিচালনাত ‘লজ্জা য’ত থমকি বয়’, দুলীয়াজান নাট্য বিদ্যালয়ৰ শিশুসকলৰ দ্বাৰা আৰু ললিত চন্দ্ৰ দত্তৰ পৰিচালনাত ‘বান্দৰৰ বান্দৰামি’, বিশ্বনাথ চাৰিআলিৰ ‘বর্ণম’ নাট্য গোষ্ঠীৰ হৈ কুশল ডেকাৰ পৰিচালনাত ‘সূৰ্য্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ’ মঞ্চায়ন কৰা হ’ব বুলি পথাৰৰ সম্পাদক চম্পক শইকীয়াই জানিবলৈ দিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...

বাৰেকুৰি কিউ.পি.এছত অগ্নিকাণ্ড তাৎক্ষণিকভাৱে নিৰ্বাপন অইলৰ ‘দুলীয়াজান লাইভ E-Paper'ৰ দুলীয়াজান...