গুৱাহাটী ২ নৱেম্বৰ: নিৰ্বাচনী ৰণ কৌশলদাতা, নীতি নিৰ্ধাৰণ প্ৰশান্ত কিশোৰে প্ৰথমবাৰলৈ প্ৰকাশ কৰিছে তেওঁৰ মাননিৰ পৰিমাণ। দেশৰ প্ৰখ্যাত নিৰ্বাচনী ৰণ কৌশলবিদজনে ইতিমধ্যেই পৰিচালিত কৰিছে দেশৰ কেইবাখনো ৰাজ্যৰ নিৰ্বাচন। জয়ী কৰাই ক্ষমতাত অধিস্থিত কৰাইছে ৱাই এছ আৰ কংগ্ৰেছ,জনতা দল ইউনাইটেদ, তৃণমূল কংগ্ৰেছ আদিক। ২০১৪চনৰদেশৰ সাধাৰণ নিৰ্বাচনত বিজেপি দলৰ প্ৰধান ৰণকৌশল দাতা আছিল প্ৰশান্ত কিশোৰ। তেতিয়াৰ পৰাই সমগ্ৰ দেশজুৰি চৰ্চা আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে তেওঁ। আজিলৈকে গোপনীয় হৈ আছিল প্ৰশান্ত কিশোৰ এই কামৰ বাবে লোৱা মাননিৰ পৰিমাণ। তেওঁ এই কামৰ বাবে লোৱা পৰিমাণক লৈ খুদুৱনি আছিল ৰাজনৈতিক মহলত। যোৱা কালি বিহাৰৰ বেলাগঞ্জৰ এখন সভাত প্ৰশান্ত কিশোৰে সদৰী কৰে যে তেওঁ এটা নিৰ্বাচন পৰিচালিত কৰিবলৈ এশ কোটি টকা তেওঁ পৰামৰ্শ দিয়া ৰাজনৈতিক দলৰ পৰা লয়। বৰ্তমান তেওঁ জন সুৰজ পাৰ্টী নামেৰে বিহাৰত এটা ৰাজনৈতিক দলৰ জন্ম দিয়ে। বৰ্তমান তেওঁ সেই পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক হৈ আছে।
ইণ্ডিয়া টুদেৰ সৌজন্যত