বিশিষ্ট চলচ্চিত্ৰ পৰিচালক যদুমণি দত্ত¸ সাংবাদিক যদুমণি শ‌ইকীয়া আৰু লেখক- সাংবাদিক বুলন কুমাৰ শ‌ইকীয়ালৈ বঁটা :সন্মিলিত সাংবাদিক মঞ্চ¸ দুলীয়াজানৰ

Date:

দুলীয়াজান ২৩ নৱেম্বৰ : তৈলনগৰী দুলীয়াজানৰ সাংবাদিকৰ উমৈহতীয়া সংগঠন সন্মিলিত সাংবাদিক মঞ্চ¸ দুলীয়াজানে চলিত বৰ্ষৰ বাৰ্ষিক বঁটাসমূহ ঘোষণা কৰিছে । এই উপলক্ষে যোৱা ২ নৱেম্বৰত দুলীয়াজানৰ মিডিয়া চেণ্টাৰত মঞ্চৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । মঞ্চৰ সভাপতি জয়ন্ত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰাঞ্জল শইকীয়াই। সভাত সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে মঞ্চ‌ই প্ৰতিবছৰে প্ৰদান কৰি অহা মঞ্চৰ প্ৰাক্তন উপ সভাপতি বুদ্ধেশ্বৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা এইবাৰ নাহৰকটীয়াৰ জ্যেষ্ঠ সাংবাদিক, লেখক, প্ৰবন্ধকাৰ বুলন শ‌ইকীয়ালৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে মঞ্চৰ প্ৰাক্তন সভাপতি অমল কুমাৰ হ’ৰ সোঁৱৰণী সামাজিক বঁটা ৰজত কমল বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তক আৰু আনগৰাকী প্ৰাক্তন সভাপতি প্ৰদীপ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা গুৱাহাটীস্থিত প্ৰতিদিন টাইমৰ যুৱ সাংবাদিক যদুমণি শ‌ইকীয়াক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা ৩০ নৱেম্বৰত দুলীয়াজান ৰটাৰী ক্লাবত অনুষ্ঠিত হবলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা প্ৰাক্তন শিক্ষক দুলীয়াজান মহ’মাৰীৰ জগত বৰুৱা, টিপলিঙৰ প্ৰাক্তন শিক্ষক তথা বিশিষ্ট ক্ৰীড়া সংগঠক ছবি গগৈ, ভাদৈ পাঁচ‌আলিৰ প্ৰাক্তন কৃতী শিক্ষক বিষেশ্বৰ গগৈ, অইল ইণ্ডিয়া লিমিটেডৰ জন পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক নয়না মধু দত্ত, দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক ঘনকান্ত খনিকৰ আৰু নামৰূপৰ মহিলা সাংবাদিক স্মৃতি ৰেখা কলিতাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব । সেয়েহে উক্ত অনুষ্ঠানত সকলো দল-সংগঠন তথা শুভাকাংক্ষী সকলৰ সহায়-সহযোগ কামনা কৰিছে সন্মিলিত সাংবাদিক মঞ্চয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...