দুলীয়াজানৰ প্ৰতিবেদক¸২ ডিচেম্বৰ : আমাৰ অসম কাকতৰ ঐতিহাসিক ভাদৈ পাঁচআলিৰ প্ৰয়াত সাংবাদিক বুদ্ধেশ্বৰ গগৈ আৰু নাওশলীয়াৰ প্ৰয়াত সাংবাদিক অমল কুমাৰ হৰ’ৰ লগতে দুলীয়াজানৰ প্ৰথমজন ছেটেলাইট চেনেলৰ সাংবাদিক প্ৰদীপ কুমাৰ গগৈৰ সোঁৱৰণত সন্মিলিত সাংবাদিক মঞ্চ¸ দুলীয়াজানে প্ৰতিবছৰে অনুষ্ঠিত কৰা বাৰ্ষিক বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান কালি ৰ’টাৰী কমিউনিটী চেণ্টাৰত অনুষ্ঠিত হৈ যায় । এই উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পূৰ্বে ঘোষণা কৰা অনুসৰি বুদ্ধেশ্বৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা নাহৰকটীয়াৰ জ্যেষ্ঠ সাংবাদিক, লেখক, কবি, নিবন্ধকাৰ বুলন কুমাৰ শইকীয়াক মৰণোত্তৰভাৱে প্ৰদান কৰিবলগীয়া হয় । যোৱা ২৮ নৱেম্বৰত মৃত্যু হোৱা সাংবাদিক বুলন কুমাৰ শইকীয়াৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মঞ্চই সভাগৃহত এখন চকী উকা কৰি সজাই ৰাখি এক শোকাকুল পৰিৱেশত বঁটা বুদ্ধেশ্বৰ গগৈৰ সহধৰ্মিনী ইন্দিৰা গগৈয়ে পৰিয়ালবৰ্গসহ প্ৰদান কৰে । পৰবৰ্তী সময়ত উক্ত বঁটা প্ৰয়াত সাংবাদিকগৰাকীৰ পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ কথা মঞ্চই ঘোষণা কৰে । আনহাতে¸ অমল কুমাৰ হ’ৰ সোঁৱৰণী সামাজিক বঁটা ৰজত কমল বঁটা বিজয়ী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তক আৰু প্ৰদীপ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা গুৱাহাটীস্থিত প্ৰতিদিন টাইমৰ যুৱ সাংবাদিক যদুমনি শইকীয়াক প্ৰদান কৰে । তিনিওটা বঁটাতে গামোচা, চেলেং, স্মাৰক, কিতাপৰ টোপোলা, সম্বৰ্ধনা পত্ৰ, গছপুলি, চাহপাতৰ টোপোলা, জাপি আদি প্ৰদান কৰা হয় । একেদৰে দুলীয়াজানৰ মহ’মাৰী অঞ্চলৰ প্ৰাক্তন শিক্ষক, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ বাটকটীয়া¸ জাতীয়তাবাদী ব্যক্তিত্ব জগত বৰুৱা, টিপলিংঘাট হাইস্কুলৰ প্ৰাক্তন শিক্ষক, বিশিষ্ট ক্ৰীড়া সংগঠক ছবি গগৈ, ভাদৈ পাঁচআলিৰ প্ৰাক্তন শিক্ষক বিষেশ্বৰ গগৈ, অইল ইণ্ডিয়া লিমিটেডৰ জনপৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক নয়না মধু দত্ত, দুলীয়াজানৰ প্ৰাক্তন ক্ৰীড়া সাংবাদিক মহম্মদ নাছেৰ, নামৰূপৰ মহিলা সাংবাদিক স্মৃতিৰেখা কলিতা আৰু দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক ঘনকান্ত খনিকৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিক বুদ্ধেশ্বৰ গগৈ, অমল কুমাৰ হ’ৰ, প্ৰদীপ গগৈ, অলক ৰঞ্জন বড়াৰ (বাচা) প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে ইন্দিৰা গগৈ, জ্যোতি প্ৰভা হ’ৰ, দীপা গগৈ, দীপ্তি বড়াসহ পৰিয়ালবৰ্গই আৰু বুলন কুমাৰ শইকীয়াৰ প্ৰতিচ্ছবিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে । ইয়াৰ পিছতে মঞ্চৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা সমগ্ৰ অনুষ্ঠানটোৰ আঁতধৰে সভাপতি জয়ন্ত ভূঞাই । মঞ্চৰ উপদেষ্টা মৃত্যুঞ্জয় দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত দুলীয়াজান ক্লাব মিউজিক একাডেমীৰ শিক্ষয়িত্ৰী মেঘালী শইকীয়াৰ পৰিচালনাত বৰগীত পৰিৱেশন কৰে ছাত্ৰী দীক্ষিতা বৰুৱাই। অসম সাহিত্য সভাৰ প্ৰাক্তন উপ- সভাপতি ভূপেন শইকীয়াই উদ্বোধন কৰা সভাত ব্যস্ততাপূৰ্ণ জীৱনত স্বাস্থ্যৰ প্ৰতি হ’বলগীয়া সাৱধানতাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়ই । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সন্মিলিত সাংবাদিক মঞ্চ¸ দুলীয়াজানৰ এটা ফেচবুক পেজ উদ্বোধন কৰে । লগতে দুলীয়াজান অঞ্চলৰ অভিভাৱকস্বৰূপ তথা অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধিত ব্যক্তি জগত বৰুৱাৰ এখন অভিনন্দন গ্ৰন্থ প্ৰাক্তন ছাত্ৰনেতাজনৰ পৃষ্ঠপোষকতাত সন্মিলিত সাংবাদিক মঞ্চই প্ৰকাশ কৰাৰ কথা ঘোষণা কৰি শিক্ষাবিদ ড০ অজিৎ শইকীয়া আৰু মনোজ কুমাৰ দত্তক সম্পাদনাৰ দায়িত্ব ৰাজহুৱাকৈ প্ৰদান কৰে । অনুষ্ঠানত সন্মিলিত সাংবাদিক মঞ্চৰ নৱাগত প্ৰণৱজিৎ বড়া, ঘনকান্ত খনিকৰ¸ জিতু শইকীয়া, জিৎ দত্ত, ৰুবলু দুৱাৰা, বিশাল মূড়া, মানসজ্যোতি ডেকা, মানস প্ৰতিম চেতিয়া আৰু ময়ূৰ গগৈক মঞ্চৰ বেজ পৰিধান কৰাই আনুষ্ঠানিকভাৱে সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ সদস্যপদ প্ৰদান কৰে । ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অজিত বড়াই ৰাজহুৱা মন্তব্য আৰু মঞ্চৰ সদস্যা কৃষ্ণা গগৈয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত শিক্ষাবিদ হেমকান্ত গগৈ, গুণীন্দ্ৰ নাথ ফুকন , মৃণ্ময় কুমাৰ বৰুৱা, ৰমণী ৰঞ্জন বৰদলৈ, বেদান্ত প্ৰসাদ বৰুৱা, তাপস বৰা, ঊষা গগৈ, অমৰদীপ বৰঠাকুৰ অইলৰ জনসম্পৰ্ক বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত বৰমূদৈ, অসম গেছ কোম্পানীৰ বিষয়াদ্বয় ক্ৰমে ধীমান্ত বৰ্মন, মুনীন্দ্ৰ গোৱালা, বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ সাংবাদিক আদিত্য গোস্বামী, পবিত্ৰ বৰঠাকুৰ, দিগন্ত শইকীয়া, সমাজসেৱক সঞ্জীৱ বড়া, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কনক গগৈ, ছাত্ৰনেতা বুবুল তালুকদাৰ, সমীৰণ গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পল্লৱ গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ ৰাজীৱ গগৈ, আছাৰ মনোজ ওৰাং , অসমীয়া মহিলা মঞ্চৰ মীনাক্ষী গগৈ, দৈনিক জনমভূমিৰ তিনিচুকীয়া সংস্কৰণৰ কাৰ্যাধক্ষ নৱজ্যোতি শৰ্মা, ষ্টাফ ৰিপ’ৰ্টাৰ প্ৰণৱ ফুকন, কবি, লেখিকা ক্ৰমে মিতালী মহন্ত, পল্লবী গগৈ বৰগোহাঁই, শোভামনি দত্ত তামুলী, স্বপ্না ডি নাথ, দিপালী তামুলীৰ লগতে ভালেসংখ্যক দল- সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

