Date:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধ্যাপক সত্যকাম বৰঠাকুৰে সামাজিক মাধ্যমত অইল ইণ্ডিয়াৰ কৰ্ম কাণ্ডক লৈ মন্তব্য প্ৰকাশ কৰা দেখা গৈছে।তেওঁ লিখিছে —

শ্ৰদ্ধাৰ ৰাইজ, আজি সকলোৰে আগত এটা গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ৷ অইল ইণ্ডিয়া লিমিটেড নামৰ প্ৰতিষ্ঠানটো আমাৰ ৰাইজৰ প্ৰতিষ্ঠান৷ এই প্ৰতিষ্ঠানটোৱে বিভিন্ন সামাজিক কামকাজ কৰি থকা বুলি শেহতীয়াভাবে লাখ লাখ টকীয়া হৰ্ডিং লগাই প্ৰচাৰো চলাই আহিছে৷ এই প্ৰতিষ্ঠানটোৱে শ শ বিঘা কৃষিভূমি দখল কৰি চৰকাৰী ৰাজহ ফাঁকি দি ব্যৱসায় চলাই আহিছে৷ শেহতীয়াভাৱে নিযুক্তিৰ সকলো দুৱাৰ বন্ধ কৰি ঠিকাভিত্তিক নিযুক্তিৰ পোহাৰ মেলিছে৷ মই মোৰ হাতত থকা তথ্যৰ আধাৰত কৈছোঁ যে শেহতীয়া স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত অসম লোকসেৱা আয়োগতকৈ ডাঙৰ কেলেংকাৰী উদ্যোগটোত হোৱাৰ সম্ভাবনা আছে৷ তাৰ পাছতো উদ্যোগটোৱে ইয়াৰ ৰাজহুৱাভাৱে ব্যৱহৃত সম্পদসমূহৰ ওপৰত আৰোপ কৰিছে অবিশ্বাস্য নিৰিখৰ ভাৰা৷ ৰাসৰ দৰে পবিত্ৰ অনুষ্ঠান পাতিবলৈ ভাৰা দিবলগীয়া হৈছে৷ গ্ৰন্থমেলাৰ দৰে অনুষ্ঠান বিহুতলীত বিনামূলীয়াকৈ পাতিবলৈ দিয়াটো এতিয়া অইলৰ সমাজ কল্যাণ আঁচনিৰ ভিতৰত নপৰে৷ নেহেৰু ময়দানত লীগ এখন পাতিবলৈ আৰোপ কৰা আকাশচুম্বী ভাৰাৰ বাবে লীগৰ স্থান সলনি কৰিব লগা হৈছে৷ ভাওনা, ৰাস, গ্ৰন্থ মেলা আদি পাতিবলৈ আৰ্থিক অনুদান বিচাৰি গ’লে অইলৰ কাৰ্যালয়ত ইতৰ জন্তুৰ দৰে আচৰণ পোৱা যায়৷ অইলৰ অতিথিশালাত এতিয়া ৰাইজৰ অতিথি এজন ৰাখিবলৈ দৈনিক ২০০০ টকা ভাৰা দিব লাগে৷ কিন্তু কমিচন দিয়া ব্যক্তিগত প্ৰতিষ্ঠানৰ ব্যক্তিৰ বাবে আৰু কাৰোবাৰ অঙহি বঙহিৰ বাবে অতিথিশালা বিনামূলীয়া৷ এইবোৰ সকলো কথা মই তথ্যৰ আধাৰত কৈছোঁ৷ মোৰ ককাদেউতা কে বি কানুগাৰ বন্ধু আছিল৷ কানুগা ডাঙৰীয়াক অইলৰ সমাজ কল্যাণ আঁচনি কাৰ্যকৰী কৰি উদ্যোগটোক ৰাইজৰ কাষ চপাই নিয়াত সহায় কৰা ব্যক্তিসকলৰ এজন আচিল মোৰ ককাদেউতা৷ মোৰ দেউতাই অইলত ৩২ বছৰ সেৱা আগবঢ়াই মৃত্যু পৰ্যন্ত পেঞ্চন লাভ কৰিছিল মাত্ৰ ৪২০০ টকা৷ মই নিজে বাহিৰৰ পৰা অইলক ৰক্ষা কৰিবৰ বাবে সদায় মাত মাতি আহিছোঁ৷ গতিকে যিটো উদ্যোগত মোৰ তিনিটা প্ৰজন্মৰ তেজ জড়িত হৈ আছে, সেই উদ্যোগটোত কোনোবা ওফৰাজেং দুজনমান ক’ৰবাৰ পৰা আহি ৰাইজৰ পৰা উদ্যোগটো বিচ্ছিন্ন কৰিব বিচাৰিলে মই সেইবোৰৰ প্ৰতিবাদ কৰিমেই৷ কোন দুজনমান বিষয়াৰ দাদাগিৰিৰে আজি অইলে এইবোৰ কৰিছে সেয়া সময়ত নামেৰে সৈতে লিখি দিবলৈ মই ভয় নকৰোঁ৷ এইবোৰ আমি নিৰৱে মানি থাকিমনে? ৬০০০০ কোটি টকা লাভ কৰা কোম্পানী এটাই ৰাইজৰ অনুষ্ঠান এটা পাতিবলৈ হাজাৰৰ পৰা লাখ টকা বিচাৰি থকাটো জনকল্যাণৰ নামত ভণ্ডামি নহয়নে? এখন ৰাস, ভাওনা, গ্ৰন্থমেলা পাতিবলৈ আমি কি দুজন বিষয়াৰ ওচৰত ভিক্ষা মাগিম? অসমৰ বাহিৰত শক্তিশালী মহলক তেল মাৰিবলৈ এওঁলোকে কিমান টকা বিলায় সেয়া কি আমি নাজানো? জনকল্যাণৰ নামত কোনো নিবিদা নোহোৱাকৈ বহিৰাগত তথাকথিত NGOৰ লগত কিমান কোটিৰ লেনদেন হৈ আছে সেইবোৰ উদঙালে সকলো বিবস্ত্ৰ হ’ব৷ গতিকে ইতিবাচকভাৱে আৰু গণতান্ত্ৰিকভাৱে অইলক বছৰ বছৰ ধৰি লালন পালন কৰি অহা সকলোৱেই অইলৰ ইতিহাস নজনা বিষয়া দুগৰাকীমানে অইলক ৰাইজৰ পৰা আঁতৰাই লৈ যাবলৈ কৰা এনে প্ৰয়াসৰ বিপক্ষে মাত মতা উচিত৷ এয়া মোৰ মত৷ বাকী ৰাইজৰ সিদ্ধান্ত ৰাইজে কৰিব৷ মই কিন্তু আজিৰে পৰা শপত লৈছোঁ, অকলশৰে হ’লেও এই কুকৰ্মৰ বিপক্ষে মই মাত মাতি যাম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

spot_imgspot_img

Popular

More like this
Related

৮ জানুৱাৰীৰ পৰা দুলীয়াজানত অষ্টাদশ ড° ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্রীয় নাট সমাৰোহ

দুলীয়াজানৰ প্ৰতিবেদক¸ ৬ জানুৱাৰী : মানসম্পন্ন নাটকৰ লগতে মাটি...

৯ খনকৈ নদীৰ মহামিলনৰ স্থলী ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 'লৌহিত্য মহাসংগম' এ পৰ্যটন ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা জিতুল...

অইল ইণ্ডিয়াৰ অভিযান শাখাৰ সঞ্চালক হিচাপে ত্ৰৈলোক্য বৰগোহাঁইৰ দায়িত্বগ্ৰহণ

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান ২০ ডিচেম্বৰ :- দেশৰ ৰাজহুৱা খণ্ডৰ...

দুলীয়াজান লেখিকা সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

  ‘দুলীয়াজান লাইভ E-Paper’ৰ দুলীয়াজান, ২০ ডিচেম্বৰ : দুলীয়াজানৰ পুৰণা বাছ...