কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় বিষয়া- সৰ্বসাধাৰণ ৰাইজৰ হাহাকাৰ অৱস্থা
দুলীয়াজান ২৩ নৱেম্বৰ :- দুলীয়াজান চহৰৰ দীৰ্ঘদিনীয়া সমস্যাসমূ্হৰ অন্যতম ইয়াৰ মূল পথকে ধৰি অধিকাংশ চহৰ সংযোগী পথসমূহত ধূলিৰ আবেষ্টনী ৷ দীৰ্ঘদিন ধৰি চহৰৰ মূল পথসমূহে অহা পথচাৰী সকলে খোজকাঢ়ি বা মটৰ চাইকেল-চাইকেলত অহা-যোৱা কৰাৰ ক্ষেত্ৰত জীয়াটো ভুগি আহিছে । এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, দুলীয়াজান আঞ্চলিকে সমজিলা জিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰে এক যথোচিত ব্যৱস্থা গ্ৰহণ কৰি দুলীয়াজানৰ ৰাইজক সকাহ প্ৰদান কৰিবলৈ দাবী জনাই। সংগঠনটোৱে পত্ৰত উল্লেখ কৰি কয় যে ধূলিময় পৰিৱেশৰ বাবে অঞ্চলটোৰ মানুহৰ অস্বাভাৱিকভাৱে এলাৰ্জি, এজমা, ব্ৰঙ্কাইটিছ, চিঅ’পিডি, চকুকে ধৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ অন্যতম চিন্তনীয় কাৰণ হৈ পৰিছে ৷ স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ময়ুৰ প্ৰতীম চেতিয়াৰ লগতে দুলীয়াজান আঞ্চলিকৰ সভাপতি ভাৰ্গৱ মনি দত্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল ভূঞাকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।
