ষ্টাফ ৰিপ’ৰ্টাৰ,১৬ নৱেম্বৰ: আই.টি.এফ. মাষ্টাৰ্চ এম.টি.২০০ বিশ্ব ৰেংকিং টেনিচ প্ৰতিযোগিতাত চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে দুলীয়াজানৰ উদীয়মান টেনিচ খেলুৱৈ প্ৰাচুৰ্য্য বড়াই। গুৱাহাটী চচলস্থিত অসম টেনিচ সন্থাৰ কমপ্লেক্সত আয়োজিত প্ৰতিষ্ঠিত প্ৰতিযোগিতাখনত প্ৰাচুৰ্য্যই ৰোমাঞ্চকৰ ক্ৰীয়া দক্ষতাৰে +৩৫ পুৰুষৰ দ্বৈত শিতান আৰু +৩৫ মিশ্ৰিত দ্বৈত শিতানৰ প্ৰত্যাশিত খিতাপ দখল কৰে৷ইয়াৰোপৰি +৩৫ পুৰুষৰ একক শিতানতো ৰানাৰ্ছআপৰ খিতাপ জিনি উজলিছে দুলীয়াজানৰ প্ৰাচুৰ্য্য।প্ৰাচুৰ্য্যৰ এই চমকপ্ৰদ সাফল্যই এতিয়া টেনিছ জগতৰ দৃষ্টি আকৰ্ষণ কৰিছে৷আনহাতে প্ৰতিযোগিতাৰ অন্তত অসম টেনিচ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্ত আৰু যুটীয়া সম্পাদক দিগন্ত জ্যোতি গগৈয়ে বিজয়ীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰি প্ৰাচুৰ্য্যৰ এই অনন্য সফলতাক উচ্চ প্ৰশংসা কৰি প্ৰাচুৰ্য্যৰ এই সফলতাই নতুন প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি উঠিব বুলি আশা প্ৰকাশ কৰে।প্ৰাচুৰ্য্যৰ এই সাফল্য সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱ। তেওঁৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু ক্ৰীয়া দক্ষতাই প্ৰমাণ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো অসমীয়াই আঁজুৰি আনিব পাৰে কঠিন সফলতা৷নিসন্দেহে প্ৰাচুৰ্য্যৰ এই সফলতা ৰাজ্যৰ খেলুৱৈসকলৰ মাজত অনুপ্ৰেৰণাৰ উৎস হ’ব।প্ৰাচুৰ্য্যৰ সফলতাত এতিয়া গৌৰৱান্বিত দুলীয়াজান৷
দুটাকৈ খিতাপেৰে উজলিল প্ৰাচুৰ্য্য আইটিএফ বিশ্ব ৰেংকিং টেনিছত দুলীয়াজানৰ খেলুৱৈৰ সাফল্য
Date: